Local, Vocal, Global

১০ দিনত ৯ বাৰকৈ বৃদ্ধি পালে পেট্ৰ’ল- ডিজেলৰ মূল্য

নিউজ ডেস্ক,৩১ মাৰ্চঃ আজি পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য। বিগত দহদিনৰ ভিতৰত নৱমবাৰলৈ বৃদ্ধি পালে ইন্ধনৰ মূল্য। আজি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮০পইচাকৈ বৃদ্ধি কৰা পাইছে।
বিগত ১০ দিনত ইন্ধনৰ মূল্য প্ৰতি লিটাৰত ৬.৪০ টকা বৃদ্ধি পাইছে।

দিল্লীত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ১০১.৮১ টকা, যিটো আগতে প্ৰতি লিটাৰত ১০১.০১ টকা আছিল।

আনহাতে ডিজেল ৯২.২৭ টকাৰ পৰা আজি প্ৰতি লিটাৰত ৯৩.০৭ লৈ বৃদ্ধি পাইছে।

ইফালে মুম্বাইত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমে ১১৬.৭২ আৰু ১০০.৯৪ টকালৈ বৃদ্ধি পাইছে।  

এই বৃদ্ধিৰ লগে লগে বৃহস্পতিবাৰে লখিমপুৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৩.২৪ টকা। কামৰূপ মেট্ৰ’ত পেট্ৰ’লৰ মূল্য ১০০.৭৮ টকা, মাজুলীত ১০৩.২৮ টকা, ওদালগুৰিত ১০১.২২ টকা, গোলাঘাটত ১০০.৯৫ টকা, ধুবুৰীত ১০১.২৩ টকা , বাক্সাত ১০১.৩৮ টকা।

ইফালে প্ৰতিলিটাৰ ডিজেলৰ দাম কামৰূপ মেট্ৰ’ত ৮৫.৭৫ টকা, লখিমপুৰত ৮৯.০৪ টকা, ওদালগুৰিত ৮৭.১৮ টকা আৰু বাক্সাত ৮৭.৩০ টকা