বটদ্ৰৱা কাণ্ডৰে জড়িত দুজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ
বটদ্ৰৱা কাণ্ডৰে জড়িত সকলক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
বৰ্তমান সময়লৈকে বটদ্ৰৱা কাণ্ডৰে জড়িত ১০ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
থানা জ্বলোৱাত জড়িত থকা সকলক এজনৰ পিছত আন এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ।
শুক্ৰবাৰে আৰক্ষীয়ে অভিযান চলাই পুনৰ গ্ৰেপ্তাৰ কৰিছে দুজনকৈ অভিযুক্তক।
গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজন হৈছে মাইনুল হক আৰু ইমৰান হুছেইনক ।
জানিব পৰা অনুসৰি মাইনুলৰ ঘৰ বটদ্ৰৱাৰ হাইডুবিত।