গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া ASTC বাছৰ সেৱা
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া ASTC বাছ।
২০২১ বৰ্ষৰ ৯ জানুৱাৰীত গুৱাহাটী চহৰৰ ভিতৰত মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ যাত্ৰাৰ বাবে ‘ভ্ৰমন সাৰথি’ আঁচনিৰ অধীনত নিৰ্ধাৰিত ২৫ খন গুলপীয়া বাছৰ শুভাৰম্ভ কৰিছিল সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
কিন্তু যাত্ৰীয়ে ব্যৱহাৰ নকৰাৰ বাবেই ২১খন বাছৰ চলাচল প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ASTCয়ে।
এতিয়াৰে পৰা খানাপাৰা-জালুকবাৰী, বোন্দা-জালুকবাৰীলৈ কেৱল ৪খন গুলপীয়া বাছ চলিব মহানগৰীত ।