Tribal Woman Raped: স্বামীক ঘৰত আবদ্ধ কৰি আদিবাসী মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, কাৰখানাৰ মালিকক গ্ৰেপ্তাৰ
নেশ্যনেল ডেস্ক, ৮ জুলাই: মহাৰাষ্ট্ৰৰ এটা কয়লা কাৰখানাত কৰ্মৰত এগৰাকী জনজাতীয় মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে (Alleged gang rape of tribal woman)। এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ১১ জন লোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে এই পাশৱিক কাণ্ডৰ মূল অভিযুক্ত কয়লা কাৰখানাটোৰ মালিক বালু শ্বেখক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে । লগতে আনকেইটা অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে ।
প্ৰাপ্ত তথ্য অনুসৰি, ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে ফালটন নামৰ এটা স্থানত অৱস্থিত কয়লাৰ কাৰখানাত শ্ৰমিক হিচাপে কাম কৰিছিল ।এই কাৰখানাটোতে মহিলাগৰাকীৰ স্বামীক এটা কোঠাত আবদ্ধ কৰি ১১ টাকৈ নৰপিশাচে মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Tribal Woman Raped) । নাৰকীয় ঘটনাটো সংঘটিত হোৱাৰ পাছত স্বামী-স্ত্ৰী দুয়ো কোনোমতে দলটোৰ কৱলৰ পৰা পলায়ন কৰি তেওঁলোকৰ পাঁচ বছৰীয়া কন্যা সন্তানটিক লগত লৈ পান্ধৰপুৰ নামৰ এডোখৰ স্থান পাইগৈ। তাৰ পিছত তেওঁলোকে নিজৰ গাঁৱলৈ গৈ এটা শ্ৰমিক সংগঠনক ঘটনাৰ বিষয়ে অৱগত কৰে । ইয়াৰ পিছতেই দলবদ্ধ ধৰ্ষণৰ এই চাঞ্চল্যক ঘটনাটো পোহৰলৈ আহে (Gang rape in Maharashtra) ।
শ্ৰমিক সংগঠনটোৰ বিষয়ববীয়াই ভুক্তভোগী মহিলাগৰাকীক লগত লৈ ৰায়গড় জিলাৰ মাণ্ডৱী থানাৰ কাষ চাপে । আৰক্ষী থানাত উপস্থিত মহিলাগৰাকীয়ে ঘটনাৰ সকলো বিৱৰি এখন এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে ভুক্তভোগীৰ বক্তব্য ৰেকৰ্ড কৰি গোচৰ ৰুজু কৰাৰ লগতে ততাতৈয়াকৈ সতৰা আৰক্ষী থানাক এই বিষয়ে অৱগত কৰে । তাৰ পিছতে সতৰা আৰক্ষীয়ে মহিলাগৰাকীৰ গোপন বক্তব্য ৰেকৰ্ড কৰিবৰ বাবে সতৰালৈ লৈ যায় ।
জানিব পৰা মতে, ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত জিলাখনৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাত কয়লা কাৰখানাটোৰ মালিক বালু শ্বেখক গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাটোৱে জিলাখনত এতিয়া চাঞ্চল্যৰ স়ষ্টি কৰিছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মূল অভিযুক্তক লগত লৈ আনকেইটা অপৰাধীৰ সন্ধানত তালাচী অব্যাহত ৰাখিছে । মহিলাগৰাকীৰ লগত সংঘটিত এই জঘন্য ঘটনাটোক লৈ বিভিন্ন মহিলা সংগঠনেও সৰব হৈ পৰা পৰিলক্ষিত হৈছে । লগতে তেওঁৰ গাঁৱৰ বাসিন্দাসকলেও জনজাতীয় মহিলাগৰাকীৰ লগত থাকি কৰি গৈছে সহযোগ । সকলোৰে দাবী দোষী আটাইকেইটা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি প্ৰদান কৰক দৃষ্টান্তমূলক শাস্তি ।
লগতে পঢ়ক : Mother And Daughter Gang Raped : দিব্যাংগ মাতৃ আৰু কন্যাক দলবদ্ধ ধৰ্ষণ