Road accident in Barpeta : বৰপেটাত শোকাৱহ দুৰ্ঘটনা, নিহত দুজন
বৰপেটা, জুলাই : ৰাজ্যত পুনৰ পথ দুৰ্ঘটনা (Road accident)। এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটা (Road accident in Barpeta) । শণিবাৰে দুপৰীয়াই সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো ।
জানিব পৰা মতে, শণিবাৰে দুপৰীয়াই বৰপেটাৰোডত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । শনিবাৰে দুপৰীয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনাটো (accident at NH 27) । পথৰ বিপৰীত দিশলৈ পাৰ হ’বলৈ গৈ ডাইভাৰচনত ৰৈ থকা অৱস্থাত এখন দ্ৰুতবেগী যাত্ৰীবাহী বাছৰ খুন্দা মাৰে। তীব্রবেগী আলট্ৰা বাছৰ আৰু বাইক মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো ।
AS14 AC 0315 নম্বৰৰ গুৱাহাটী অভিমুখী আলট্ৰা বাছ খনে AS15 V 9739 নম্বৰৰ PULSAR বাইক খনক মহতিয়াই নিয়ে । ফলত দুই বাইক আৰোহিক থিতাতে নিহত (Speeding bus kills 2 bikers in Barpeta) । নিহত দুজন ক্ৰমে টেঙেলিয়া গাঁও আৰু খোইৰাবাৰী বগোৰীয়া পাৰা গাঁৱৰ আবেদ আলী আৰু মনোৱাৰ আলী বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বৰপেটা পথৰ দহ মাইল এলেকাত গুৱাহাটী অভিমুখী AS14 AC 0315 নম্বৰৰ বাছখনে স্থবিৰ বাইকখনক খুন্দা মাৰে । ঘটনাৰ পিছতে অঞ্চলটোত জনসমাগম হৈ বাছখনৰ চালকজনক আটক কৰে। ইয়াৰ পিছতে স্থানীয় আৰক্ষীয় ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ নিয়ন্ত্ৰণলৈ আনে।
লগতে পঢ়ক : Road accident in Jamugurihat : জামুগুৰিহাটত শোকাৱহ দুৰ্ঘটনাত নিহত এজন