Mother And Daughter Gang Raped : দিব্যাংগ মাতৃ আৰু কন্যাক দলবদ্ধ ধৰ্ষণ
গুৱাহাটী, ৪জুলাই : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক(Mother And Abnormal Daughter Gang Raped) । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা ।
ৰাজ্যত পুনত ধৰ্ষণকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য ঘটনাৰ। এইবাৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক জঘন্য ঘটনাৰ । গুৱাহাটীৰ সাতগাঁৱত দিব্যাংগ মাতৃ, কন্যাক ধৰ্ষণ কৰিলে ৮ টাকৈ পাষণ্ডই । ১৭ মে’ত সংঘটিত হৈছিল এই জঘন্য ঘটনাৰ । কিন্তু এই ঘটনাৰ গাপ দিয়াৰ চেষ্টা কৰিছিল পাষণ্ডই । শেহতীয়াকৈ মানৱ সমাজক লজ্জানত কৰা এই ঘটনা পোহৰলৈ আহিছে(Mother And Abnormal Daughter Gang Raped In Satgaon)।
প্ৰাপ্ত তথ্য অনুসৰি , ১৭ মে’l সাতগাঁৱত ৮ টাকৈ পাষণ্ডই ঘৰ ভাঙি প্ৰৱেশ কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল দিব্যাংগ মাতৃ আৰু কন্যাক। কেৱল ধৰ্ষণ কৰিয়ে শান্ত নাথাকিল পাষণ্ডই, ধৰ্ষণ কৰি মাতৃ আৰু কন্যাৰ যৌনাংগত জলকীয়াৰ গুড়ি সানিছিল পাষণ্ডই । ধৰ্ষণকাৰী দলটোৰ নিৰ্যাতনত পিছতে অচেতন হৈ পৰিছিল মাতৃ আৰু কন্যা দুয়ো।
পৰৱৰ্তী দিনা অজ্ঞান অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মাতৃ আৰু কন্যাক জি এম চি এইছলৈ লৈ প্ৰেৰণ কৰে । সংকটজনক অৱস্থাত আৰক্ষীয়ে মাতৃ-কন্যাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ দলে যুদ্ধকালীন তৎপৰতাৰে চিকিৎসা প্ৰদান কৰি তেওঁলোকক সুস্থ কৰি তোলে । আৰু তাৰ পাছতে পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ ।
জানিব পৰা মতে, অৰুণ প্ৰধান নামৰ এজন ৫৫ বছৰীয়া ব্যক্তিৰ সৈতে ভুক্তভোগী ২২ বছৰীয়া বিবাহ বিচ্ছেদিত যুৱতী গৰাকীৰ সম্পৰ্ক আছিল। কিন্তু এই সম্পৰ্ক মানি লোৱা নাছিল অৰুণ প্ৰধানৰ পুত্ৰ অমিত প্ৰধানে। সেয়ে অমিতে ৭ জন পাষণ্ডক লৈ গৈ ১৭ মে’ৰ নিশা এই ঘটনা সংঘটিত কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্তৰ আৰম্ভ কৰে আৰু ৪ ধৰ্ষণকাৰী তথা এই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড অমিত প্ৰধান, বিমল ছেত্ৰী, ছায়া প্ৰধান আৰু সন্ধিয়া সোণাৰক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে (four accused arrested )।
উল্লেখ্য যোগ্য যে, এই সমগ্ৰ ঘটনাৰ আৰক্ষীয়ে গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী আৰু স্থানীয় লোকসকলক এই ঘটনা সন্দৰ্ভত মুখ নুখুলিবলৈ আৰক্ষীয়ে ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ উঠিছে। ইফালে পুত্ৰ অমিত প্ৰধানৰ এই অপকৰ্মৰ পাছত পুত্ৰক ৰক্ষা কৰিবলৈ পিতৃ অৰুণ প্ৰধানে ভুক্তভোগী যুৱতীগৰাকীক বিয়া কৰাই। তাৰ পাছতে গোচৰটোৰ সন্দৰ্ভত এক শপতনামা প্ৰস্তুত কৰি গোচৰ উঠাই ল’বলৈ সাতগাওঁ আৰক্ষী থানাত আৱেদন জনায়। কিন্তু এই গোচৰটো উঠাই লোৱাত অমান্তি হয় সাতগাওঁ আৰক্ষী।
লগতে পঢ়ক : Policeman suspended for taking bribe : উৎকোচ লৈ নিলম্বন যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী