Local, Vocal, Global

বাছৰ ভাড়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

নিউজ ডেস্ক, ৮ এপ্ৰিল : সদৌ অসম মটৰ পৰিবহন সন্থা লৈ চন্দ্ৰমোহন পাটোৱাৰীৰ সকীয়নি ‘কোনো কাৰণতে বাছ ভাড়া বৃদ্ধি কৰিব নোৱাৰিব’ । বাছৰ ভাড়া বৃদ্ধিক লৈ সদৌ অসম মটৰ পৰিবহন সন্থাই প্ৰস্তাৱ দিছিল পৰিবহন বিভাগক । তাৰ পিছতে শুকুৰবাৰে মালিক সন্থাক তীব্ৰ সকীয়নি প্ৰদান কৰে   পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

পাটোৱাৰীয়ে কয় যে, ‘এইটো উচিত সময় নহয়। যদি কৰবাত কোনোৱে ভাড়া বেছিকৈ লয়, পৰিবহণ বিভাগক অভিযোগ দিলেই বাতিল হ’ব বাহনৰ অনুজ্ঞাপত্ৰ। মই পূৰ্বেও কৈছো, এতিয়াও কম ভাড়া নাবাঢ়ে। এইটো অদ্ভুদ সূত্ৰ, কৰ পৰা কোনে কেনেকৈ ৭০ শতাংশ বৃদ্ধি কৰিব পাৰিব? মুঠতে ভাড়া নাবাঢ়ে।’

বাছৰ ভাড়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

আজি অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত অনুষ্ঠিত হৈছিল এখন বিশেষ বৈঠক। জিলা পৰিবহণ বিষয়া সকলৰ সৈতে পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে এখন সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰু এই বৈঠকৰ অন্তত এই মন্তব্য কৰে মন্ত্ৰী পাটোৱাৰীয়ে।