Local, Vocal, Global

ৰাজ্যত পুনৰবাৰ কৰোণা মহমাৰী চতুৰ্থ ঢৌৰ আশংকা

নিউজ ডেস্ক ৯ এপ্ৰিল: ৰাজ্যত কৰোণাৰ (covid) চতুৰ্থ ঢৌৰ আশংকা । উওৰ-পূবৰ এখন ৰাজ্যৰ লগতে দেশৰ ৫ ৰাজ্যক কৰোণাৰ বাবে সতৰ্কতা অবলম্বনৰ নিৰ্দেশ জাৰি কৰে কেন্দ্ৰই ।

ক্ৰমান্বয়ে দেশত পুনৰ বদ্ধি পাব ধৰিছে কৰোণাৰ আশংকা । লাহে লাহে দেশৰ কেইখনমান ৰাজ্যৰ কৰোণা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

যাক লৈ এতিয়া কেন্দ্ৰীয় চৰকাৰ কিছু সংকিত হোৱাৰ লগতে উদ্বেগ বৃদ্ধি পাইছে । সেয়েহে আগন্তুক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি দেশৰ বিশেষকৈ ৫ খন ৰাজ্যক সাৱধান হবলৈ আহ্বান জনায় কেন্দ্ৰীয় চৰকাৰে(central governtment) ।

কেন্দ্ৰীয় চৰকাৰে কৰোণাৰ চতুৰ্থ ঢৌৰ আশংকা ব্যক্ত কৰিছে । সেয়ে দেশৰ অন্য ঠাইতো যাতে কৰোণাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাব নোৱাৰে তাৰ বাবে ৫ ৰাজ্যক সতৰ্ক হৈ থাকিবৰ বাবে নিৰ্দেশ জাৰি কৰিছে ।

কেন্দ্ৰীয় স্বাস্থ্য ৰাজেশ ভূষণে দিল্লী, হাৰিয়ানা, কেৰালা, মহাৰাষ্ট্ৰ আৰু উত্তৰ পূবৰ ৰাজ্য মিজোৰামতো কৰোণা ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আৰু সকলো প্ৰয়োজনীয় পদক্ষেপ লবলৈ কৈছে ।

বিগত সপ্তাহত , উক্ত ৰাজ্য কেইখনত কৰোণা সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে । স্বাস্থ্য সচিবে ৰাজ্য সমূহক কঠোৰ সতৰ্কতা ৰাখিবলৈ আৰু প্ৰয়োজন হ’লে সুৰক্ষাৰ বাবে আগতীয়াকৈ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে ।