Local, Vocal, Global

১৮ বছৰৰ ওপৰৰ ব্যক্তিৰ বাবে ১০ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব তৃতীয় পালি ভেকচিন

নিউজ ডেস্ক, ৮ এপ্ৰিল : ১৮ বছৰৰ ওপৰৰ ব্যক্তিৰ সকলৰ বাবে এক সুখবৰ । ১০ এপ্ৰিল পৰা দেশত ১৮ বছৰৰ সকলো ব্যক্তিৰ বাবে উপলব্ধ হ’ব কৰ’ণাৰ তৃতীয় ভেকচিন তথা বুষ্টাৰ ড’জ । লগতে সকলো ব্যক্তিগত কেন্দ্ৰতো প্ৰদান কৰা হ’ব এই ভেকচিন।

১৮ বছৰৰ ওপৰৰ ব্যক্তিৰ বাবে ১০ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব তৃতীয় পালি ভেকচিন

ইয়াৰ লগতে পূৰ্বৰ দৰে প্ৰথম আৰু দ্বিতীয় পালি ভেকচিন প্ৰদানৰ কাম অব্যাহত থাকিব । লগতে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ফ্ৰণ্ট লাইন কৰ্মী আৰু ৬০ উৰ্ধৰ লোক সকলক বুষ্টাৰ প্ৰদানৰ কামো অব্যাহত থাকিব ।

উল্লেখযোগ্য যে, ইতিমধ্যেই ১৮ বছৰৰ উৰ্ধৰ সকলো ব্যক্তিক প্ৰদীন কৰা হৈছে দুয়োপালি ভেকচিন । দুয়োপালি ভেকচিন গ্ৰহণ কৰাৰ ৯ টা মাহ সম্পূৰ্ণ কৰা লোক সকলেহে লব পাৰিব এই বুষ্টাৰ ড’জ । চৰকাৰৰ ফালৰ পৰা সদৰি কৰা অনুসৰি ইতিমধ্যে দেশত প্ৰায় ৯৬ শতাংশ লোকে কমেও এপালি কৈ কৰ’ণাৰ ভেকচিন গ্ৰহণ কৰিছে ।