Local, Vocal, Global

নগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা! দুৰ্ঘটনা থিতাতে নিহত ৩ বন্ধু…

ডিজিটেল ডেস্ক:- এক শোকাৱহ পথ দুৰ্ঘটনা।নগাঁৱত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।নগাঁৱৰ ডিমৰুগুৰিৰ মাহলোৰ পথৰ সন্মুখত সোমাবাৰে নিশা সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত থিতাতে নিহত হয় ৩জন যুৱক । স্কুটী আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত যুৱককেইজন পংকজ দাস, মুন্না দাস আৰু বিক্ৰম দাস বুলিব পৰা জানিব পৰা যায়। নিহত তিনিওগৰাকীৰে ঘৰ ডিমৰুগুৰিত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৰাইজে। স্থানীয় যুৱক তিনিজনৰ অকাল মৃত্যুৱে অঞ্চলটোৰ ৰাইজক শোকস্তব্ধ কৰি তোলে।আৰু একাংশ যুৱকে মৃতদেহ লৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। উত্তেজিত ৰাইজে আৰক্ষীৰ বাহনতো আক্ৰমণ কৰে।