Local, Vocal, Global

ডিব্ৰুগড়ৰ ডিকমত শোকাৱহ পথ দুৰ্ঘটনা !নিহত তিনিগৰাকী মহিলা…

ডিজিটেল ডেস্ক:- ডিব্ৰুগড়ৰ ডিকমত সোমবাৰে নিশা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। এক মৰ্মান্তিক ঘটনা সংঘটিত হয় ডিব্ৰুগড়ৰ ডিকমত থানাৰ অন্তৰ্গত নাহৰতলীৰ সমীপৰ বাইপাছত।
সোমবাৰে আবেলি প্ৰায় ৩ বজাত AS 06 Z 3501 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনে নাহৰতলী চাহ বাগিচাৰ সমীপত ডিকম বাইপাছত তিনিগৰাকী চাহ জনগোষ্ঠীয় মহিলাক পথত মহতিয়াই থৈ যায়। তাৰে দুগৰাকীৰ মহিলা থিতাতে নিহত হয় আৰু আন এগৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মহিলা গৰাকী মৃত্যুক সাবটি লয়।মৃত মহিলা কেইগৰাকী নাহৰতলী চাহ বাগিচাৰ মীনা বেদিয়া, ৰীতা বেদিয়াস আৰু সুনীতা ভত্তা বুলি চিনাক্ত কৰা হয়।
ইফালে ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈ পৰে ডিকম। এই ঘটনাৰ পিছতে উত্তেজিত বাগিচাৰৰ শ্ৰমিকে পথ অৱৰোধ কৰি যান-বাহন চলাচল ব্যাহত কৰে।
ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশো উপস্থিত হয় যদিও ক্ষোভিত লোকসকলে তিনি নিৰীহৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ অপাৰগ হয় অৰ্ধসামৰিক বাহিনী, নিৰাপত্তাৰ ৰক্ষীৰ দলো।
ইফালে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে। যাক লৈ পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে আৰু ডিকম আৰক্ষীৰ AS 06 A B 5721 নম্বৰৰ বাহনত পথৰ ওপৰতে অগ্নি সংযোগ কৰে একাংশ লোকে। যাৰ ফলত বাহনখন সম্পূর্ণভাৱে ভস্মীভূত হয়।