Local, Vocal, Global

মুকালমুৱাৰ ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত দহখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান…

ডিজিটেল ডেস্ক:-নলবাৰী জিলাৰ মুকালমুৱাৰ ৰামপুৰত সোমবাৰে নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ ৰামপুৰ চ’ক বজাৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড ৷। অগ্নিকাণ্ডটোত ভস্মীভূত হয় দহখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ বিধ্বংসী অগ্নিকাণ্ডটোত নিমিষতে ছাৰখাৰ হৈ যায় চ’ক বজাৰৰ কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ ৰামপুৰ চ’ক বজাৰত থকা ভাইটি কেবিনৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীয়ে পাঁচখনকৈ বাহনৰ সহায়ত এঘন্টাতকৈ অধিক সময় চলোৱা শ্বাসৰুদ্ধকৰ প্ৰচেষ্টাৰ অন্তত কথমপি ৰক্ষা পৰে অঞ্চলবাসী ৷
বিধ্বংসী অগ্নিকাণ্ডটোত গেলামালৰ পাইকাৰী দোকান, হোটেল, পান দোকান, হাৰ্ডৱেৰ, সাৰৰ দোকান, কিতাপৰ দোকান, ফাৰ্মাচী, চেলুনকে ধৰি দহখনকৈ দোকান ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে৷ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। অগ্নিকাণ্ডটোত প্ৰায় তিনি কৌটি টকাৰ সা-সামগ্ৰী জুইত জাহ যায় বুলি জানিবলৈ দিয়ে ৰামপুৰ বজাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা কেইবাবছৰত চাৰি/পাঁচ বাৰকৈ ৰামপুৰ চক- বজাৰত সংঘটিত হৈছিল বিধ্বংসী অগ্নিকাণ্ড। অগ্নি নিৰ্বাপক বাহিনীৰ এটি কাৰ্যালয় নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত স্থাপন কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হয়। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত এঘণ্টামান পাছত জুই নিৰ্বাপন হয়।