Tragic Road Accident in Nagaon : তীব্ৰবেগী বাহনে মহটিয়াই নিয়ে পথচাৰীক

নিউজ ডেস্ক,১ এপ্ৰিল : এক ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত পথচাৰী ।
নগাঁৱৰ কঠিয়াতলী লুংপুঙত ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী বাহনে মহটিয়াই নিয়ে পথচাৰীজনক। ফলত থিতাতে নিহত হয় পথচাৰী(Tragic Road Accident in Nagaon)।
নগাঁৱৰ কঠিয়াতলীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় কঠিয়াতলী আৰক্ষী আৰু মৃতদেহটো উদ্ধাৰ কৰে(Tragic Road Accident in Nagaon) ৷
জানিব পৰা মতে, এইপৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয় ৷