Local, Vocal, Global

Oil companies cut price of 19 kg commercial and 5 kg FTL cylinders : দেশবাসীৰ বাবে এক সুখবৰ; দেশত হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

নিউজ ডেস্ক,১এপ্ৰিল : দেশবাসীৰ বাবে এক সুখবৰ। দেশত হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। নিৰ্বাচনৰ প্ৰাকক্ষণত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস(Oil companies cut price of 19 kg commercial and 5 kg FTL cylinders)।

প্ৰতিটো চিলিণ্ডাৰত ৩২ টকাকৈ হ্ৰাস। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ IOCয়ে নিৰ্ধাৰণ কৰিছে নতুন নিৰিখ।

জানিব পৰা মতে, ১৯ কেজি আৰু ৫ কেজি ওজনৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালে। ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩০.৫০ টকা হ্ৰাস পালে।

আনহাতে ৫ কেজি ওজনৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালে ৭.৫০টকাকৈ। গুৱাহাটী প্ৰতিটো ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পাইছে ৩২.৫০টকাকৈ আনহাতে ৪৭ কেজিৰ বাণিজ্য চিলিণ্ডাৰত হ্ৰাস পাইছে ৮১.৫০ টকাকৈ।

গুৱাহাটী আজি প্ৰতিটো ১৯ কেজিৰ বাণিজ্য চিলিণ্ডাৰৰ মূল্য ১৯৭১ টকা। আনহাতে প্ৰতিটো ৪৭ কেজিৰ বাণিজ্য চিলিণ্ডাৰৰ মূল্য ৪৯২৪ টকা। উল্লেখ্য যে ৮ মাৰ্চত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১০০ টকাকৈ হ্ৰাস পাইছিল(Oil companies reduce price of 19 kg commercial and 5 kg FTL cylinders)।

লগতে পঢ়ক :Liquor Prices is Rise in Assam : আজিৰেই পৰা ৰাজ্যত বৃদ্ধি পালে সুৰাৰ মূল্য