Local, Vocal, Global

Delhi CM Arvind Kejriwal remanded to judicial custody till April 15 : ন্যায়িক জিম্মালৈ প্ৰেৰণ অৰবিন্দ কেজৰিৱালক;১৫ এপ্ৰিল লৈ ন্যায়িক জিম্মাত থাকিব লাগিব কেজৰিৱাল।

নিউজ ডেস্ক,১ এপ্ৰিল : ন্যায়িক জিম্মালৈ প্ৰেৰণ অৰবিন্দ কেজৰিৱালক। ৰাউজ এভিনিউ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে কেজৰিৱালক। ১৫ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মাত থাকিব লাগিব কেজৰিৱাল।

উল্লেখ্য যে, ২৮ মাৰ্চত ৰ’জ এভিনিউ আদালতে কেজৰিৱালৰ ইডিৰ জিম্মা ১ এপ্ৰিললৈ বৃদ্ধি কৰিছিল। ইডি জিম্মা সমাপ্ত হোৱাৰ পাছত আজি আদালতত হাজিৰ কৰোৱা হয় মুখ্যমন্ত্ৰীগৰাকীক। ইডি জিম্মাৰ শেষত সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰব্বী আৰবিন্দ কেজৰিৱালক আদালতত হাজিৰ কৰোৱা হয়। কিন্তু পুনৰ জিম্মাত বিচাৰি আবেদন নকৰিলে ইডিয়ে। আদালতত ন্যায়িক জিম্মাৰ আৰ্জি জনাইছিল ইডিয়ে। আদালতে সেই আবেদন মঞ্জুৰ কৰে। ১৫ এপ্ৰিললৈ কেজৰিৱালক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে আদালতে( Delhi CM Arvind Kejriwal remanded to judicial custody till April 15)।

উল্লেখ্য যে, প্ৰায় ৬০০কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ । ইয়াৰ পিছতে প্ৰথমে ৯বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱাল উপস্থিত হোৱা নাছিল ED ৰ কাৰ্যলয়ত তাৰ পিছতে ইডিয়ে ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক(Excise Policy Case)।

লগতে পঢ়ক :Tragic Road Accident in Nagaon : তীব্ৰবেগী বাহনে মহটিয়াই নিয়ে পথচাৰীক