Tragic Road accident in Dhemaji:ডাম্পাৰে মহতিয়াই নিলে বিনন্দ কুলিক

ধেমাজি,৪ডিচেম্বৰ : গোগামুখত শোকাৱহ পথ দুৰ্ঘটনা । বুধবাৰে পুৱা প্ৰায় ৭ মান বজাত গোগামুখ চাৰিআলিৰ NHPC ৰোডৰ অংকিত মটৰ দিলাৰ সমীপত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতেই নিহত এজন লোক।
নিহত লোকজন বেৰভঙা ৰতোৱাৰ বিনন্দ কুলি বুলি চিনাক্ত কৰা হৈছে(Tragic Road accident in Dhemaji)।
জানিব মতে, নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ কৰ্ম সূত্ৰই ওলাই অহা সময়তে ডাম্পাৰে খুন্দিয়াই থৈ যায় বিনন্দ কুলিক।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
লগতে পঢ়ক :Indian Navy Day 2024:আজি ভাৰতীয় নৌসেনা দিৱস