Devendra Fadnavis to be sworn in as Maharashtra CM on Dec 5: জল্পনা -কল্পনাৰ অন্ত!ঘোষণা হ’ল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নাম
নিউজ ডেস্ক,৪ ডিচেম্বৰ : জল্পনা -কল্পনাৰ অন্ত। ঘোষণা হ’ল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নাম।মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব দেৱেন্দ্ৰ ফাড়নাবিছ।
বিজেপিৰ বিধায়িনী দলৰ বৈঠকত গ্ৰহণ কৰা হয় সিদ্ধান্ত(Devendra Fadnavis to be sworn in as Maharashtra CM on Dec 5)।
বিজেপিয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰুপানীক মহাৰাষ্ট্ৰ বিধায়িনী দলৰ বৈঠকৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছিল।
যদিও দলটোৱে কোনো আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, কিন্তু এজন জ্যেষ্ঠ বিজেপি নেতাই দাবী কৰিছে যে মুখ্যমন্ত্ৰী পদৰ বাবে দেৱেন্দ্ৰ ফাডনবীছৰ নাম চূড়ান্ত কৰা হৈছে।
নতুন মুখ্যমন্ত্ৰীয়ে ৫ ডিচেম্বৰত মুম্বাইৰ আজাদ ময়দানত শপত গ্ৰহণ কৰিব।শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য নেতা।
লগতে পঢ়ক :Tragic Road accident in Dhemaji:ডাম্পাৰে মহতিয়াই নিলে বিনন্দ কুলিক