Local, Vocal, Global

Indian Navy Day 2024:আজি ভাৰতীয় নৌসেনা দিৱস

নিউজ ডেস্ক,৪ডিচেম্বৰ : আজি ভাৰতীয় নৌসেনা দিৱস।১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়চোৱাত ভাৰতীয় নৌ সেনাৰ অপাৰেশ্যন ‘ট্ৰাইডেণ্ট’ (Trident)ক স্মৰণ কৰাৰ বাবে প্ৰতিবছৰে ৪ ডিচেম্বৰৰ দিনটো ‘ভাৰতীয় নৌ সেনা দিৱস ’ (Indian Navy Day 2024) হিচাপে পালন কৰা হয় ৷ দেশৰ সামুদ্ৰিক সীমা সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় নৌ সেনাৰ সাহসী প্ৰচেষ্টা আৰু ভূমিকাক স্বীকৃতি প্ৰদানৰ বাবে এই দিৱসটি পালন কৰা হয় ৷

ভাৰতীয় নৌসেনা হৈছে এক ত্ৰিমাত্ৰিক শক্তি যিয়ে আমাৰ দেশৰ স্বাৰ্থত সাগৰত, সাগৰৰ ওপৰত আৰু তলত সুৰক্ষিত কৰে। ইয়াৰ মূল লক্ষ্য হৈছে ভাৰতীয় মহাসাগৰ মণ্ডলত নিজৰ স্থান উন্নত কৰা। প্ৰতি বছৰে এই দিনটোত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।

১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানে ৩ ডিচেম্বৰৰ সন্ধিয়া ভাৰতীয় বিমানঘাটিত আক্ৰমণ চলায়। তেওঁলোকৰ আক্ৰমণক প্ৰতিৰোধ কৰিবলৈ ভাৰতে নিৰ্ঘাট, বীৰ, নিপাট নামৰ তিনিখন ক্ষেপণাস্ত্ৰ নাওক তীব্ৰ বেগেৰে কৰাচী অভিমুখে প্ৰেৰণ কৰে।

ভাৰতৰ নৌসেনাই ডুবাই পেলালে চাৰিখন পাকিস্তানী জাহাজ। ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত মৃত্যু হোৱা সকলকো আজিৰ দিনটোত স্মৰণ কৰা হয়। মাৰাঠা সম্ৰাট ছত্রপতি শিৱাজী মহাৰাজক ভাৰতীয় নৌসেনাৰ পিতৃ হিচাপে গণ্য কৰা হয়।

লগতে পঢ়ক :Lakhimpur Artist Dies In Kolkata:বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ চিত্রশিল্পীৰ