Local, Vocal, Global

উত্তৰ প্ৰদেশৰ চিত্ৰকূটত শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ৯ জুলাই : শনিবাৰে উত্তৰ প্ৰদেশৰ চিত্ৰকূটত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনাৰ।

এখন দ্ৰুতবেগী পিক-আপ বাহনৰ খুন্দাত প্ৰায় ছয়জন লোক নিহত আৰু আন দুজন গুৰুতৰভাৱে আহত হৈছে।

চিত্ৰকূটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শৈলেন্দ্ৰ ৰায়ে জনোৱা অনুসৰি পুৱা প্ৰায় ৬.৩০ বজাত ৰাউলি কল্যাণপুৰ গাঁৱত বিলাহী কঢ়িয়াই অনা এখন জীপ গাড়ীয়ে আঠজনলোকক মহতিয়াই নিছিল।

নৰেশ (৩৫), অৰবিন্দ (২১), ৰামস্বৰূপ (২৫), ছক্কা (৩২) আৰু সোমদত্ত (২৫) বুলি চিনাক্ত কৰা মৃত লোককেইজনে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে । আনহাতে ভানুপ্ৰতাপ (৩২) নামৰ এজন চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।

ইফালে, চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ভগৱান্দা (৪৫) আৰু ৰামনাৰায়ণ (৫০)ৰ অৱস্থা গুৰুতৰ বুলি আৰক্ষীয়ে জানিব দিয়ে।