Local, Vocal, Global

অসমৰ বান পৰিস্থিতিক “জটিল” বুলি ঘোষণা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

নিউজ ডেক্স,৯ জুলাই : নতুন দিল্লীত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎকাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। গৃহমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাৎকাৰত অসমৰ বান পৰিস্থিতিৰ ওপৰত এক আলোচনা কৰে। আলোচনাত মুখ্যমন্ত্ৰীয়ে অসমৰ বান পৰিস্থিতিক (Assam Flood Situation) “জটিল” বুলি ঘোষণা কৰিবলৈ গৃহমন্ত্ৰীগৰাকীক আহ্বান জনায়।

লগতে SDRF পৰা লাভ কৰা ৩২৭ কোটি টকাৰ উপৰি NDRF ফাণ্ডৰ পৰাও টকা মুকলি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় গৃহমন্ত্ৰী অমিত শ্বাহক।

তাৰ উপৰিও NDRFৰ ফাণ্ডৰ পৰা লাভ কৰা ধনৰ আগতীয়া কিস্তি মুকলি কৰিবলৈ অনুৰোধ জনায় হিমন্ত বিশ্ব শৰ্মাই।

কেন্দ্ৰৰ পৰা বান সাহাৰ্য্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বিশেষ পেকেজৰ কথা নাহে, ক্ষতিপূৰণ অনুসাৰে কেন্দ্ৰই সহায় কৰিব। মুখ্যমন্ত্ৰীয়ে ৩০ৰ পৰা ৫০ হাজাৰ লোকৰ ঘৰ ক্ষতিসাধন হোৱাৰ কথা উল্লেখ কৰি কয় যে, আগষ্টৰ ভিতৰত SDRF ৰ টকাৰে সাহায্য দিয়া হব। SDRF ৰ একাউণ্টৰ ধন শেষ হ’লে NDRF ৰ পৰা টকা পোৱাৰ আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে পূৰ্বৰ দৰে আনুমানিক স্মাৰকপত্ৰ নহয়, এইবাৰ এক সঠিক হিচাপৰ প্ৰতিবেদন দিয়া হ’ব আৰু সেই অনুসৰি কেন্দ্ৰই সহায় কৰিব ৷