বতৰৰ ফল খোৱাৰ বাবেই সংঘটিত হৈছে হত্যাকাণ্ডৰ

নিউজ ডেস্ক, ৯ জুলাই : “বতৰৰ ফল বতৰত খালে, দেহ মন ভালে থাকে । “
আপোনালোক সকলোৱে হয়তো এদিন হ’লেও বতৰৰ ফল লগৰীয়া নতুবা পৰিয়ালৰ সকলোৰে সৈতে একেলগে খাইছে।
কিন্তু বতৰৰ ফল খোৱাৰ বাবে যে হত্যাকাণ্ড সংঘটিত হ’ব পাৰে সেই বিষয়ে আপুনি কল্পনা কৰিব পাৰে নে ?
শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত হালোৱাটিঙৰ খৰঙি খনিকৰ গাঁৱত কঁঠালৰ বাবেই সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ ।
কঁঠাল খোৱাক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটা বিবাদৰ বাবেই পিতৃয়ে প্ৰাণ ল’লে নিজ পুত্ৰৰ ।
গোলাপ খনিকৰ নামৰ ব্যক্তিজনৰ চোকা অস্ত্ৰৰ আঘাতত মৃত্যু হৈছে তেওঁৰ পুত্ৰ মধু খনিকৰৰ।
ঘটনা সন্দৰ্ভত পত্নী বন্তি খনিকৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত হালোৱাটিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘাতক পিতৃ গোলাপ খনিকৰক।