Local, Vocal, Global

ৰাজ্যত পুনৰ শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১০ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা । ৰবিবাৰে দুপৰীয়াৰ ভাগত কাৰ্বি আংলঙৰ ডিফুৰ বিৰলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

কাৰ্বি আংলঙৰ ডিফু এখন চিমেণ্ট ভৰ্তি ট্রাকে বাইকসহ ৩জনক মহটিয়াই নিয়ে। দুৰ্ঘটনাটোত এগৰাকী মহিলা আৰু এটি কিশোৰ সহ ৩জন থিতাতে নিহত হয়।

উল্লেখ্য যে, বৰ্তমানেও ট্রাকৰ তলত সোমাই আছে দুটাকৈ মৃতদেহ।

আনহাতে, মৃত লোককেইজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই । স্থানীয় লোকে তিনিওজন একেটা পৰিয়ালৰ বুলি সন্দেহ প্ৰকাশ কৰিছে ।

দুৰ্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ NL-07 R 2744 আৰু ট্রাকখনৰ নম্বৰ AS-01 DD 9654।