Local, Vocal, Global

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰতিবাদকাৰী জনতাই উদ্ধাৰ কৰিলে ১৭.৮ মিলিয়ন টকা

নিউজ ডেস্ক, ১০ জুলাই : শনিবাৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ ঘৰত আক্ৰমণ কৰা প্ৰতিবাদকাৰীসকলে দাবী কৰিছে যে তেওঁলোকে ঘৰটোৰ পৰা প্ৰায় ১৭.৮ মিলিয়নৰ দৰে বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিছে।

উল্লেখ্য যে, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত প্ৰতিবাদকাৰীসকলে উদ্ধাৰ কৰা মুদ্ৰা নোটগণনা কৰা দেখা গৈছে।

বাতৰি অনুসৰি, উদ্ধাৰ হোৱা ধনবোৰ সুৰক্ষা গোটবোৰক হস্তান্তৰ কৰা হৈছিল।

Sri Lankaৰ ৰাষ্ট্ৰপতি Gotabaya Rajapaksaৰ বাসগৃহ প্ৰতিবাদকাৰীসকলে আগুৰি ধৰাৰ পৰিপেক্ষিতত শনিবাৰে ৰাজধানীত থকা তেওঁৰ চৰকাৰী বাসগৃহ তথা ৰাষ্ট্রপতিৰ বাসভৱনৰ পৰা অজ্ঞাত স্থানলৈ পলায়ন ৰাজাপাকছেৰ ।

ৰাষ্ট্ৰপতি ৰাজপাক্ষেৰ পদত্যাগৰ দাবীৰ লগে লগে তেওঁলোকে ৰাষ্ট্ৰপতিৰ ঘৰত প্ৰৱেশ কৰে, আৰক্ষীয়ে ৰখা নিৰাপত্তা বেষ্টনী ছিঙি পেলায় আৰু চুইমিং পুল, তেওঁৰ পাকঘৰ আৰু ঘৰৰ মাজ সকলোতে প্ৰবেশ কৰে।

শ্ৰীলংকাৰ প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰম সিংহৰ ব্যক্তিগত বাসভৱনতো প্ৰৱেশ কৰিছিল আৰু তাত জুই লগাই দিছিল।

শেহতীয়াকৈ দ্বীপৰাষ্ট্ৰখনত হোৱা অৰ্থনৈতিক সংকটৰ বাবে ৰাজপাক্ষে আৰু তেওঁৰ চৰকাৰক পদত্যাগ কৰাৰ দাবীত প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীয়ে tear gas নিক্ষেপ কৰিছিল।

ইফালে, চৰকাৰ অব্যাহত ৰখা আৰু সকলো নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে শনিবাৰে ঘোষণা কৰে যে তেওঁ তেওঁৰ পদৰ পৰা পদত্যাগ কৰিব।

বিক্ৰমসিংহে টুইট কৰি কয়, “সকলো নাগৰিকৰ সুৰক্ষাকে ধৰি চৰকাৰ অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ মই আজি দলৰ নেতাসকলৰ সৰ্বশ্ৰেষ্ঠ পৰামৰ্শ স্বীকাৰ কৰিছো, সৰ্বদলীয় চৰকাৰৰ বাবে পথ প্ৰস্তুত কৰিবলৈ। ইয়াৰ সুবিধাৰ বাবে মই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম।”