ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা
নিউজ ডেস্ক, ১০ জুন : ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । স্বয়ংক্ৰিয় টেলাৰ মেচিন (ATM) চুৰিৰ সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে চাৰিজন লোকক হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, হাৰিয়ানাৰ বাসিন্দা চোৰেকেইটাই ২ জুনত ভাৰত আৰু ভূটানসংযোগী পথত ভাৰতীয় ষ্টেট বেংকৰ (SBI) ATMৰ পৰা ৩০ লাখ টকা লুটি লৈ গৈছিল।
উল্লেখ্য যে, চাৰিজন চোৰে ট্ৰাকৰ সহায়ত ডকাইতি কৰি ATMৰ পৰা টকা লুটি হাৰিয়ানালৈ গৈছিল ।
ইফালে, তেতিয়াৰে পৰা অপৰাধীসকলক ধৰিবলৈ ৰঙিয়া আৰক্ষীয়ে ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছিল। বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰাৰ পিছত সম্প্ৰতি চোৰবোৰ আৰক্ষীৰ জালত পৰিছে ।
গ্ৰেপ্তাৰ কৰা চোৰ চাৰিটাক নিছাৰ, নাছিম, মহম্মদ আৰু গোপাল বুলি চিনাক্ত কৰা হৈছে। লগতে তেওঁলোকৰ দখলৰ পৰা ২৯,৬৮,০০০ টকাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে।