দৰঙৰ ছিপাঝাৰ ত পুনৰ শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ৮ জুন : সমগ্ৰ ৰাজ্য কঁপাই যোৱা ছিপাঝাৰ(Shipajhar) দুৰ্ঘটনাৰ এক মাহ সম্পূৰ্ণ নহওঁতেই বুধবাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৰঙৰ(Darrang) ছিপাঝাৰ ত পুনৰ পথ দুৰ্ঘটনা।
ছিপাঝাৰৰ মটৰ ষ্টেচনৰ সমীপত মঙলদৈ অভিমুখি নম্বৰ বিহীন ইটা ভৰ্তি ট্ৰাকে মহটিয়াই লৈ যায় বাইক আৰোহীক ।
ফলস্বৰূপে ট্ৰাকৰ চেপাত এজন বাইক আৰোহীৰ মৃত্যু হয় আৰু আনজন গুৰুত্বৰভাবে আহত হয়। আহত লোকজনক সংকট জনক অবস্থাত GMCH লৈ প্ৰেৰণ কৰে ।
থিতাতে মৃত্যু হোৱা লোক জনৰ নাম পবিত্ৰ ডেকা আৰু গুৰুত্বৰভাবে আহতজনৰ নাম হিতেশ্বৰ ডেকা। দুয়োজনৰে ঘৰ ছিপাঝাৰ মাৰৈৰ চান্দেই পাৰাত ।
ঘটনাৰ পিছতেই উতপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ছিপাঝাৰত । উত্তেজিত ৰাইজে বন্ধ কৰিলে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ । পিছত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
সম্প্ৰতি ছিপাঝাৰ আৰক্ষীয়ে ইটা ভৰ্তি ট্ৰাকৰ লগতে ট্ৰাক চালকক আটক কৰিছে ।