ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটক তিনিটাকৈ বাঘ চিকাৰী

নিউজ ডেস্ক, ৮ জুন : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত(Orang National Park) বৰ্তমানেও অব্যাহত আছে বাঘৰ চোৰাং চিকাৰ । বুধবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত বনকৰ্মী আৰু আৰক্ষীৰ যুটীয়া অভিযানত ৩ টাকৈ বাঘ চিকাৰীক(Tiger Hunter) আটক কৰিবলৈ সক্ষম হয়।
আনহাতে এতিয়াও পলাতক অৱস্থাত আছে আন দুটা বাঘ চিকাৰী।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত অবৈধ ভাবে বাঘ চিকাৰৰ উদ্দেশ্যৰে প্ৰবেশ কৰিছিল ৫ জনকৈ চিকাৰীয়ে ।
আটকাধীন চিকাৰী কেইজন ঢেকীয়াজুলিৰ আজিবুৰ ৰহমান, হাছমত আলী আৰু মহম্মদ এম এল বুলি জানিব পৰা গৈছে । পলাতক দুজনৰ নাম ছাদিকুল আৰু আহাম্মদ ।
যোৱা ৪ মে’ তাৰিখে বন কৰ্মীয়ে উদ্যান খনৰ দাতি কাষৰীয়া ২ নং বচা শিমলু গাঁৱৰ আজিবুৰ ৰহমান নামৰ লোক এজনৰ ঘৰৰ সন্মুখত পুতি থোৱা অৱস্থাত বাঘৰ অৱশিষ্ট উদ্ধাৰ কৰিছিল, তাৰ পিছতে আটক কৰা হৈছে সন্দেহযুক্ত চিকাৰী কেইজনক ৷