চাংসাৰীৰ AIIMS ত ভয়ংকৰ ঘটনা

নিউজ ডেস্ক, ৮ জুন : চাংসাৰীত(Changsari) অবস্থিত AIIMS ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চিকিৎসালয় খনৰ সপ্তম মহলীয়া অট্টালিকা পৰা পৰি এগৰাকী চিকিৎসকৰ মৃত্যু। মৃত গৰাকীৰ নাম ফল্গু প্ৰতীম দাসৰ (Falgu Pratim Das)মৃত্যু। চিকিৎসক জনৰ বয়স মাত্ৰ ৩৫ বছৰ আছিল।
গুৰুতৰ অৱস্থাত GNRC ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ AIIMSৰ চিকিৎসক গৰাকীয়ে ।
বৰ্তমান মৃত চিকিৎসক গৰাকীৰ মৃতদেহৰ লগত মাতৃ উপস্থিত আছে বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে বুধবাৰে পুৱা প্ৰায় ১১.২০ মান বজাত চিকিৎসক গৰাকীয়ে চেলফী লব’লৈ সপ্তম মহলালৈ গৈছিল আৰু তাৰ পৰা বাগৰি পৰে চিকিৎসক গৰাকী।
যদিও চিকিৎসক গৰাকী চেলফী লব’লৈ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে তথাপিও ঘটনা সন্দৰ্ভত প্ৰকৃত কাৰণ বিচাৰি সম্প্ৰতি চাংসাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।