Local, Vocal, Global

Tragic Road Accident : মালবাহী মেজিক বাহনে মহতিয়াই নিলে চাইকেল আৰোহীক

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : শোকাৱহ দুৰ্ঘটনা । থিতাতে নিহত চাইকেল আৰোহী(Tragic Road Accident) ।

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ গেৰেজ লাইনত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা ৷ এখন মালবাহী মেজিক বাহনে মহতিয়াই নিয়ে চাইকেল আৰোহীক ৷

ফলত থিতাতে নিহত হয় চাইকেল আৰোহী । নিহত চাইকেল আৰোহীজন এন কে দৰংগাৰ সমৰ আলি (১৮) বুলি চিনাক্ত কৰা হৈছে ৷

জানিব পৰা মতে, নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ চাইকেলেৰে গৈ থকাৰ অৱস্থাতে পথৰ কাষত ৰৈ থকা আন এখন বাহনৰ চালকে দৰ্জা খুলি দিয়াত খুন্দা খায় পথৰ ওপৰতে বাগৰি পৰে চাইকেল আৰোহীজন। সেই সময়তে পথৰে আহি থকা আন এখন মেজিক বাহনে মহতিয়াই নিয়ে সমৰ আলিক।ফলত থিতাতে নিহত হয় আৰোহীজন ।

লগতে পঢ়ক : 2 killed in chemical factory explosion : কাৰখানাত ভয়ংকৰ বিস্ফোৰণ;নিহত ২জন শ্ৰমিক ,আহত ৩ জন