Local, Vocal, Global

Assam Governor visits Morigaon : দিনযোৰা কাৰ্যসূচীৰ মঙলবাৰে মৰিগাঁৱত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : দিনযোৰা কাৰ্যসূচীৰ মঙলবাৰে মৰিগাঁৱত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া(Assam Governor visits Morigaon) ।

মঙলবাৰে পুৱা মৰিগাঁৱৰ আৱৰ্ত ভৱনত উপস্থিত হৈ মৰিগাঁও আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰি জিলা আয়ুক্ত ভৱনত জিলা প্ৰশাসনৰে সৈতে বিভিন্ন আঁচনিৰ বুজ লয় । কেবাঘন্টা ধৰি জিলাখনৰ বিভিন্ন আঁচনিৰ বিষয়ে বুজ লোৱাৰ পিচত বিয়লি ৩ বজাত মৰিগাঁও ছহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বুজ লয়(Assam Governor visits Morigaon)।

ইয়াৰ পিছতে ৰাজ্যপালগৰাকী উপস্থিত হ’ব শলমাৰী গাঁও পঞ্চায়ত খণ্ডৰ অন্তৰ্গত এটা আঁচনি । তৃতীয়তে, দমাল কলঙৰ খহনীয়া ৰোধৰ বাবে ৰূপায়িত জিঅ’ বেগ আঁচনিখন পৰিদৰ্শন কৰিব ৰাজ্যপাল কাটাৰীয়াই ।

বিয়লি ৪.৩০ বজাত দিনযোৰা কাৰ্যসূচীৰ সামৰণি মাৰিব ৰাজ্যপাল গৰাকীয়ে ।

লগতে পঢ়ক : Tragic Road Accident : মালবাহী মেজিক বাহনে মহতিয়াই নিলে চাইকেল আৰোহীক