Local, Vocal, Global

মৰিগাঁও ধৰমতুলত শোকাবহ ঘটনা

নিউজ ডেস্ক, ২৫ জুন : ৰাজ্যত হোৱা প্ৰলয়ংকৰী বানত বহুলোক গৃহহাৰা হোৱাৰ লগতে জনসাধাৰণ বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে। সম্প্ৰতি বানত ক্ষতিগ্ৰস্তসকলে আশ্ৰয় শিবিৰ বা অস্থায়ী শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে।

মৰিগাঁৱত বানত ক্ষতিগ্ৰস্ত হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা অস্থায়ী শিবিৰ মহটিয়াই নিলে এখন টাটা মবাইল বাহনে।

উল্লেখ্য যে শনিবাৰে পুৱতি নিশা AS01NC1204 নম্বৰৰ এখন তিব্ৰ বেগী টাটা মৱাইল বাহনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধৰমতুল বিষ্ণু মন্দিৰৰ সমীপত অস্থায়ী ভাবে বান শিবিৰত থকা কেইবাজনো লোকক মহতীয়াই নিয়ে।

ঘটনাৰ ফলত বুবু দাস নামৰ এজন ব্যক্তিৰ থিতাতে নিহত হয় আৰু এটি শিশু সহ ছজন ব্যক্তি গুৰুত্বৰ ভাবে আহত হয়। পৰৱৰ্তী সময়ত আহত আটাইকেইজনকে এম্বুলেঞ্চৰ জড়িয়তে চিকিৎসালয়ত ভৰ্তি কৰে।

আনহাতে স্থানীয় ৰাইজে আৰক্ষীৰ গাফিলতিৰ বাবে এনেদৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ এজন ব্যক্তি মৃত্যু মুখত পৰাৰ লগতে ছজনাকৈ ব্যক্তি গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হবলৈ পালে বুলি ক্ষোভ প্ৰকাশ কৰিছে।

পৰৱৰ্তী সময়ত মৰিগাঁও ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰাৰ লগতে নেলী আৰু ধৰমতুল আৰক্ষীক কৰ্কথনা কৰা পৰিলক্ষিত হয়।