Local, Vocal, Global

নগাঁও আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক, ২৫ জুন :  শুক্ৰবাৰে মাজনিশা তীব্ৰ বেগী ট্ৰাকে মহতীয়াই নিয়ে নগাঁৱৰ বৰঘাট আৰক্ষীৰ বাহন।

নগাঁৱৰ ঘাহিত মাজনিশা আৰক্ষীৰ পেট্ৰলিংৰ সময়তে তীব্ৰবেগী AS 01KC 0548 নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিয়ে আৰক্ষীৰ বাহনখন।

দুৰ্ঘটনাটোত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় আৰক্ষীৰ বাহনখনৰ চালকজন ৷

সৌভাগ্যক্ৰমে ৰক্ষা পৰে বৰঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফিৰোজ দলেসহ আন আৰক্ষীলোক সকল।

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালকজনে।