Local, Vocal, Global

গহপুৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ২৫ জুন : শুক্ৰবাৰে নিশা গহপুৰৰ হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা ।

লখিমপুৰ অভিমুখে AS 32 C 0565 নম্বৰৰ তেল নিয়া এখন টেঙ্কাৰে পথত ৰখাই থোৱা অৱস্থাত থকা নম্বৰ বিহীন ১০ চকীয়া ট্ৰাকখনত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মৰাৰ ফলত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয় ।

দুৰ্ঘটনাটোত ছুণ্ডাৰাম মহাদেউৰ ইণ্ডিয়ান অইলৰ তেল টেঙ্কাৰৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও হেণ্ডিমেনজনে প্ৰায় ডেৰ ঘণ্টা ধৰি গাড়ীৰ ভিতৰতে চেপা খাই থাকে । পৰৱৰ্তীসময়ত অন্য গাড়ী আনি স্থানীয় ৰাইজ তথা আৰক্ষীৰ প্ৰচেষ্টাত ব্যক্তিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এটা ভৰি সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হোৱা তথা গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হেণ্ডিমেন মৃত্যুঞ্জয় গুপ্তা নামৰ লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

পথ নিৰ্মাণকাৰী সংস্থা DCC কোম্পানীৰ দায়িত্বহীনতাৰ বাবে উক্ত পথ দুৰ্ঘটনাৰ অভিযোগ তোলে স্থানীয় ৰাইজে।