Local, Vocal, Global

নগাঁও কাগজকলৰ কৰ্মচাৰীৰ কৰুণ মৃত্যু

নিউজ ডেস্ক,১ এপ্ৰিলঃ শুকুৰবাৰে নগাঁও পেপাৰ মিলৰ এগৰাকী কৰ্মচাৰীৰ মৃত্যু হয়। বৰ্তমানলৈকে নগাঁও পেপাৰ মিলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যা ১০২ জনৰ ঘৰ স্পৰ্শ কৰে।মৃত্যু হোৱা কৰ্মচাৰীজন ৫৭ বছৰীয়া ছাৰিফুদ্দিন আহমেদ।

কৰ্মচাৰীজনক জাগীৰোড কাগজ কলৰ ওচৰতে অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় আৰু ততাতৈয়াকৈ জিএমচিএইচলৈ লৈ যোৱা হয় যদিও তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল।

দীৰ্ঘদিন ধৰি কাগজকলটোৰ কৰ্মচাৰীজন ডায়াবেটিছ আৰু এজমা ৰোগত আক্ৰান্ত হৈ আছিল।

উল্লেখ্য যে কাগজ কলটোৰ উৎপাদন বন্ধ হোৱাৰে পৰা কৰ্মচাৰীসকলে প্ৰাপ্য দৰমহা লাভ নকৰাত অসহনীয় কষ্ট, চাপ, মানসিক আঘাতৰ সৈতে দিন পাৰ কৰিবলগীয়া হৈছে।

তেওঁলোকে ৬৩ টা মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে। ইফালে কাগজ কলটো নিলামৰ জৰিয়তে বিক্ৰী কৰাৰ বাবে প্ৰেচেষ্টা চলাইও বাৰে বাৰে বিফল হোৱাৰ পিছত অসম চৰকাৰে কাগজকলটো ক্ৰয় কৰিছে।