Local, Vocal, Global

অসম-অৰুণাচল সীমান্তত এনকাউণ্টাৰ, আহত এজন

নিউজ ডেস্ক,১ এপ্ৰিলঃ অসম-অৰুণাচল সীমান্তত পুনৰ সংঘৰ্ষ। অসম-অৰুণাচল সীমান্তৰ ১২ মাইলত সংঘটিত হয় এই সংঘৰ্ষ।

আৰক্ষীৰ সংঘৰ্ষত দুজন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বড়োলেণ্ড (এনএলএফবি) কেডাৰ আহত হয় আৰু আন এজনক শোণিতপুৰৰভালুকপুং চহৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আহত উগ্ৰপন্থী কেইজন ইৰাকদাও নাৰ্জাৰী আৰু খামপান্দৰ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। আনহাতে গ্ৰেপ্তাৰ কৰাজন গেন্দ্ৰ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।

খবৰ অনুসৰি, চাৰিদুৱাৰ আৰক্ষী আৰু নিষিদ্ধ এনএলএফবি উগ্ৰপন্থীৰ মাজত এই সংঘৰ্ষ হয় ।

উগ্ৰপন্থীসকলে কেইদিনমানৰ পৰা ১২ মাইল ত শিবিৰ পাতি আছিল বুলি জানিব পৰা গৈছে।