Local, Vocal, Global

যোৰহাটত বুজন পৰিমাণৰ গাঞ্জা জব্দ, আটক ২জন

নিউজ ডেস্ক,১ এপ্ৰিলঃ যোৰহাটত গাঞ্জা জব্দ। পুলিবৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী CRPF 19 বেটেলিয়নৰ যৌথ অভিযানত এই গাঞ্জা জব্দ কৰে।

পুলিবৰ আৰক্ষীৰ অভিযানত যোৰহাটৰ ৰাজতীয়াৰ পৰা জব্দ কৰা হয় প্ৰায় ৩কেজি ওজনৰ গাঞ্জা।

পুলিবৰ থানাৰ আৰক্ষী বিষয়া অনুপম গুৱালাৰ নেতৃত্বত বালিগাঁও ৰাজটিয়াৰ পৰা ময়ুৰ ৰঞ্জন দেৱনাথ আৰু টিলিকিআমৰ পৰা পাৰ্থ দাসক গ্ৰেপ্তাৰ কৰে।

ইয়াৰোপৰি আৰক্ষীয়ে AS03Y5684 নম্বৰৰ এখন স্কুটি আৰু AS03B9103 নম্বৰৰ এখন পালচাৰ বাইক জব্দ কৰে।