Local, Vocal, Global

মহানগৰীৰ জু-ৰোডত শোকাৱহ দুৰ্ঘটনা, থিতাতে নিহত এজন

নিউজ ডেস্ক, ২৩ মাৰ্চ : মহানগৰীৰ জু-ৰোডত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা । ঘটনাস্থলীত থিতাতে নিহত হয় এজন ব্যক্তি। নিহত লোকজন দ্বিজেন বৈশ্য বুলি চিনাক্ত কৰিছে প্ৰত্যক্ষ দৰ্শীয়ে।

উল্লেখযোগ্য যে, পানী ভৰ্তি টেংকাৰে মহতিয়ালে এগৰাকী পথচাৰীক। পানী কঢ়িওৱা টেংকাৰখনৰ নম্বৰ এ এছ ০১ এ এ ১২৫১। চিটি চেণ্টাৰৰ সন্মুখত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো ।

খবৰ অনুসৰি, এপ’ল হাস্পতালৰ কৰ্মচাৰী আছিল দ্বিজেন বৈশ্য। বাহনখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিল বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । জানিব পৰা মতে নিহত দ্বিজেন বৈশ্যৰ ঘৰ নলবাৰীত। কৰ্মসূত্ৰে মহানগৰীত ভাড়া ঘৰত থাকে বৈশ্য।