ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সমাপ্ত, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

নিউজ ডেস্ক, ২৩ মাৰ্চ : ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ আজি সমাপ্তিৰ দিন। কাজিৰঙা আৰু কাগজ কলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব কেবিনেট বৈঠকত।সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্ত সদৰি কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই। কাজিৰঙাৰ ১০ কিলোমিটাৰ আঁতৰে আঁতৰে ইক’ছেন্সিটিভ জ’ন ঘোষণা কৰিছে। কাজিৰঙাত ৭টা ইক’ ছেনজিটিভ জ’ন গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কেবিনেট বৈঠকত। ১১টা অঞ্চল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে থাকিব আৰু ৯টা এনিমেল কৰিড’ৰ বেদখলমুক্ত কৰা হৈছে।

আনহাতে, নগাঁও আৰু কাছাৰ কাগজ কলক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকত। আগন্তুক ৩-৪ মাহৰ ভিতৰত কাগজ কল দুটাৰ কৰ্মচাৰীক আদায় দিয়া হ’ব বকেয়া দৰমহা। কাগজ কল দুটা ক্ৰয় কৰিবলৈ কেবিনেটত ধনৰ অনুমোদন। ৩৭৫ কোটি টকাৰে কাগজ কল দুটা ক্ৰয় কৰিব ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে। সংবাদমেলযোগে কেবিনেটৰ বৈঠকত এই কথা ঘোষণা কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই।