Local, Vocal, Global

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ত মূল্যহীন হৈ পৰিব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ নম্বৰ

নিউজ ডেস্ক, ২৩ মাৰ্চ : মূল্যহীন হৈ পৰিব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ নম্বৰ।দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ত সমূহত নামভৰ্তিৰ বাবে শিক্ষা বৰ্ষৰ পৰা দ্বাদশ শ্ৰেণীত ১০০ শতাংশ নম্বৰ পালেও সম্ভৱ নহ’ব দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় কেইখনত নামভৰ্তি। কাৰণ এইবাৰ দেশৰ সকলো স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ কাৰণে অনুষ্ঠিত হ’ব প্ৰৱেশিকা পৰীক্ষা। বিশ্ববিদ্যালয় অনুদান আয়োগৰ (University Grant Commission) অধ্যক্ষ এম জগদীশ কুমাৰে সোমবাৰে ঘোষণা কৰা মতে, জুলাই মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব এই পৰীক্ষা।
National Testing Agencyয়ে পৰিচালনা কৰিব লগীয়া Central University Entrance Test (CUET) হিচাপে নামকৰণ কৰা প্ৰৱেশিকা পৰীক্ষা হব বাধ্যতামূলক। UGCৰ মূৰব্বীগৰাকীয়ে জনোৱা মতে, এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা এই পৰীক্ষাৰ প্ৰপত্ৰ উপলব্ধ হ’ব।

উল্লেখযোগ্য যে, বিগত বর্ষসমূহত বিশেষকৈ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ নম্বৰে সকলোকে আচম্বিত কৰিছিল। বহু ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ কাৰণে বিশেষ ৪টা বিষয়ত লাভ কৰিছিল ১০০ শতাংশ। আনহাতে অসমৰ প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীজনেও বহু সময়ত নামভৰ্তিৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছিল।