Local, Vocal, Global

Tragic accident in Udalguri: গেছভর্তি টেংকাৰ, মালভর্তি ট্ৰাক আৰু বাছৰ মাজত ভয়ংকৰ সংঘর্ষ

ওদালগুৰি,১২ফেব্ৰুৱাৰী : ৰৌতাত ভয়ংকৰ পথ দুৰ্ঘটনা।ৰৌতাৰ ঝাৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গেছভর্তি টেংকাৰ, মালভর্তি ট্ৰাক আৰু বাছৰ মাজত ভয়ংকৰ সংঘর্ষ।বুধবাৰে পুৱতি নিশা ৩ বজাত সংঘটিত এই ভয়ংকৰ দুর্ঘটনাটো(Tragic accident in Udalguri)

জানিব পৰা মতে,স্পীড ব্ৰেকাৰত নিয়ন্ত্রণ হেৰুৱাই AS-27-C 8137 নম্বৰৰ গেছ ভর্তি বাহনত পিছফালৰ পৰা খুন্দা মাৰিছিল RJ-05-G-B4316 নম্বৰৰ এখন মালবাহী ট্রাকে। পৰৱৰ্তী সময়ত মালবাহী ট্ৰাকত পাছফালৰ পৰা খুন্দা মাৰিছিল WB-73-G-8691 নম্বৰৰ এখন যাত্রীবাহী বাছখনে। ঘটনাত গুৰুতৰভাৱে আহত হয় মালবাহী ট্ৰাকৰ চালকগৰাকী । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় ৰৌতা আৰক্ষী। আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ট্ৰাকৰ চালকক প্রেৰণ কৰে চিকিৎসালয়লৈ। আনহাতে, সৌভাগ্যক্রমে ৰক্ষা পৰে নৈশবাছৰ যাত্রীসকল।

লগতে পঢ়ক :singer Simanta Shekhar: ৰাজীৱ শদিয়াৰ গান চুৰি কৰিছিল নেকি সীমান্ত শেখৰে ?