Local, Vocal, Global

Bir Chila Rai’s 515th birth anniversary to be observed today: আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জন্ম জয়ন্তী

উত্তৰ গুৱাহাটী,১২ফেব্ৰুৱাৰী : আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জন্ম জয়ন্তী।

সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাৰ সদৰ আমিনগাঁওৰ চিলাৰায় উদ্যানতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় চিলাৰায় দিৱস।

কামৰূপ জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা হয় চিলাৰায় দিৱস(Bir Chila Rai’s 515th birth anniversary to be observed today)।

প্ৰাক্তন বিজেপিৰ সভাপতি ভবেশ কলিতাই চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত পুষ্পাঞ্জলী প্ৰদান কৰি বিশ্ব মহাবীৰ গৰাকীৰ আদৰ্শৰে সকলোকে উদ্বুদ্ধ হ’বলৈ আহ্বান জনায়।

কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই বন্তি প্ৰজ্বলন কৰা কাৰ্যসূচীত সামৰিক অভিবাদন প্ৰদান কৰে কামৰূপ জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই।

শীঘ্ৰেই আমিনগাঁওৰ চিলাৰায় উদ্যান খন আটকধুনীয়াকৈ গঢ়ি তোলা হ’ব বুলি মন্তব্য আগবঢ়ায় জিলা আয়ুক্ত গৰাকীয়ে।

লগতে পঢ়ক:Tragic accident in Udalguri: গেছভর্তি টেংকাৰ, মালভর্তি ট্ৰাক আৰু বাছৰ মাজত ভয়ংকৰ সংঘর্ষ