Local, Vocal, Global

যমুনাৰ বুকুত বিষাক্ত ফেনৰ আচ্ছাদন

দেশৰ ৰাজধানী মহানগৰ দিল্লীত অকল ভয়াৱহ বায়ু প্রদূষণেই চলা নাই ৷ মহানগৰখনৰ জলভাণ্ডাৰ হিচাপে চিহ্ণিত নদীত চলিছে এতিয়া প্রদূষণ ৷ বিষাক্ত হৈ পৰিছে যমুনা নদীৰ পানী ৷ বিগত কেইদিনমান ধৰি যমুনাৰ সোঁতত উঠি আহিছে বিষাক্ত ফেন৷ জল প্রদূষণৰ ফলত এনেদৰে যমুনাৰ পানীত সৃষ্টি হৈছে ফেন ৷ বিভিন্ন মহলে এয়া শুভ্র বৰফ যমুনাৰ সোঁতত উটি অহা বুলি ধাৰণা কৰিব পাৰে ৷ প্রচণ্ড শীত সত্ত্বেও দিল্লীত বৰফ পৰাৰ নজিৰ নাই ৷ শুভ্র বৰফসদৃশ এই বিষাক্ত ফেনে স্পষ্ট কৰি দিছে যে যমুনাৰ পানী এতিয়া ভয়ংকৰভাৱে দূষিত হৈ পৰিছে ৷ জল প্রদূষণৰ ফলত এনেদৰে যমুনাত বিষাক্ত ফেনৰ তৰপ পৰিছে ৷

লক্ষণীয়ভাৱে ৰাজধানী মহানগৰীখনত থকা উদ্যোগ আৰু কাৰখানাসমূহৰ এম’নিয়াযুক্ত পানী আহি পৰে যমুনা নদীত ৷ এই উদ্যোগ–কাৰখানাসমূহ্ পানী যমুনালৈ বোৱাই দিয়াৰ ফলত এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ লক্ষণীয়ভাৱে যমুনা নদীত এম’নিয়াৰ মাত্রা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ ফলত দিল্লীৰ বিভিন্ন স্থানত বিগত এটা সপ্তাহ ধৰি পানী যোগানৰ ক্ষেত্রত সৃষ্টি হৈছে সংকট ৷ আটাইতকৈ ভয়ংকৰ কথাটো হৈছে এনে বিষাক্ত এম’নিয়াযুক্ত যমুনাৰ পানীত শেহতীয়াকৈ ভক্তই স্নান কৰি আছে ৷ শুভ্র ফেনৰ মাজতে বহু ভক্তই ষ্ট পূজাৰ প্রথম দিনাখন আজি স্নান কৰা দেখিবলৈ পোৱা গ’ল৷ কিন্তু স্বাস্থ্য বিভাগে এই সন্দর্ভত কোনোধৰণৰ সতর্কতা জাৰি কৰা নাই৷ এনে বিষাক্ত পানীৰে স্নান কৰাৰ ফলত বহু লোক মহামাৰীৰ সংক্রমণত পৰিব পাৰে বুলি আশংকা কৰা হৈছে ৷ লক্ষণীয়ভাৱে দিল্লী দুর্যোগ ব্যৱস্থাপনা বিভাগে যমুনাৰ ঘাটত এইবাৰ ষ্ট পূজা নিষিদ্ধ কৰিছিল যদিও সেয়া অসাৰ হৈ পৰিছে ৷