Local, Vocal, Global

পলিঅ’ ভেকচিন অভিযান আফগানিস্তানত

তালিবান ক্ষমতালৈ অহাৰ পিছত প্রথমবাৰ বিশ্ব স্বাস্থ্য সংস্থা (হু) আৰু ৰাষ্ট্রসংঘৰ শিশু সংস্থা ইউনিচেফে আজিৰ পৰা আফগানিস্তানত পলিঅ’ৰ ভেকচিন প্রদান অভিযান আৰম্ভ কৰিছে ৷ তিনি বছৰৰ ভিতৰত দেশখনৰ সকলো শিশুকে পলিঅ’ ভেকচিন প্রদানৰ সিদ্ধান্ত লৈছে বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফে ৷ এইক্ষেত্রত তালিবানে সহযোগিতা আগবঢ়াইছে ৷

স্মর্তব্য যে দেশখনৰ ৩০ লক্ষাধিক শিশুক তিনি বছৰৰ ভিতৰত পলিঅ’ ভেকচিন প্রদানৰ লক্ষ্য বান্ধি লৈছে আন্তর্জাতিক সংস্থা দুটাই৷ পূর্বে তালিবানে এইক্ষেত্রত কোনোধৰণৰ সদিচ্ছা প্রকাশ কৰা নাছিল যদিও বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফৰ এই অভিযানত শেহতীয়াকৈ সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷