আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস By MyNewsNE Desk On Nov 16, 2021 Share আজি অৰ্থাৎ ১৬ নৱেম্বৰ, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ১৯৬৬চনৰ ১৬ নৱেম্বৰত কাউসঞ্চিল অৱ ইণ্ডিয়া (পি চি আই) স্থাপন কৰা হৈছিল। এই বিশেষ দিনটোকে সন্মান জনাই প্ৰতিবছৰে ১৬ নৱেম্বৰ তাৰিখটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। এই বিশেষ দিনটোৰ পৰাই প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াই নৈতিক প্ৰহৰী হিচাপে কাম আৰম্ভ কৰিছিল যাতে সংবাদ মাধ্যমে এই শক্তিশালী মাধ্যমৰ পৰা আশা কৰা উচ্চ মানদণ্ড বজায় ৰাখিব পাৰে। গণতন্ত্ৰৰ চাৰিটা স্তম্ভ- বিধান মণ্ডল,কাৰ্যপালিকা, ন্যায়পালিকা আৰু সংবাদ মাধ্যম। এই চাৰি স্তম্ভৰ সন্মিলিত কাৰ্যাৱলীয়েই হৈছে গণতান্ত্ৰিক প্ৰক্ৰিয়া। আটাইকেইটা স্তম্ভৰ সু-পৰিচালনাতেই গণতন্ত্ৰৰ ভেঁটি মজবুত হৈ থাকে। সংবাদ মাধ্যম হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। ব্ৰিটিছ সাংসদ লৰ্ড মেক’লিয়ে সংবাদ মাধ্যমক এই বিশেষ সন্মানেৰে বিভূষিত কৰিছিল। গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী বাবেই সংবাদ মাধ্যমক ইয়াৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। শাসনযন্ত্ৰ আৰু জনসাধাৰণৰ মাজত সেতু বন্ধন কৰি এটা সুন্দৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এখন দেশ পৰিচালিত সংবাদ মাধ্যমে যুগ যুগ ধৰি অনবদ্য অৱদান আগবাঢ়ি আহিছে। সৰ্বশেষত এই পবিত্ৰ দিনটোত সংবাদ সেৱাৰ জৰিয়তে দেশৰ বাবে কাম কৰিবলৈ গৈ অকালতে জীৱন হেৰুৱাবলগীয়া সকলো ব্যক্তিলৈ শ্ৰদ্ধাৰে সোঁৱৰিছো।লগতে সকলো সংবাদ কৰ্মীলৈ ‘ৰাষ্ট্ৰীয় প্ৰেছ দিৱস’ৰ শুভেচ্ছা জ্ঞাপন কৰিছো। Share FacebookTwitterReddItWhatsAppPinterestEmail