Local, Vocal, Global

Watch | Today Gourav Gogoi officially took over the presidency of APCC: আজি আনুষ্ঠানিকভাৱে APCCৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে গৌৰৱ গগৈয়ে

নিউজ ডেস্ক: আজি আনুষ্ঠানিকভাৱে APCCৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে গৌৰৱ গগৈয়ে। নতুন সভাপতি গৌৰৱ গগৈক আদৰণি জনাবলৈ ৰাজীৱ ভৱনত প্ৰস্তুতি সভা।

উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজীৱ ভৱন লগতে গায়ন-বায়ন, ঢোলে-দগৰে আদৰিলে নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে। দায়িত্বভাৰ গ্ৰহণৰ অনুষ্ঠানটো সুন্দৰকৈ আয়োজন কৰাৰ বাবে দলৰ সকলোকে ধন্যবাদ জনাই গৌৰৱ গগৈয়ে।

গুৱাহাটী উপস্থিত হয় প্ৰথমে সভাপতি গৌৰৱ গগৈয়ে মা কামাখ্যা মন্দিৰত সেৱা লয়। তাৰপাছতে গায়ন-বায়ন, ঢোলে-দগৰে ৰাজীৱ ভৱনলৈ আদৰণি জনায় সভাপতি গৰাকীক। ৰাজিৱ ভৱনত আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব অৰ্পণৰ কৰে APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই।