Local, Vocal, Global

TMCৰ ৰাজ্যিক গোটৰ সাধাৰণ সম্পাদক চিত্ত ৰঞ্জন পালৰ পদত্যাগ

নিউজ ডেস্ক, ২৬ জুন : শুকুৰবাৰে অসম TMCৰ ৰাজ্যিক গোটৰ সাধাৰণ সম্পাদক চিত্ত ৰঞ্জন পালে ৰিপুন বৰাৰ অধীনত দলটো যিধৰণে আগবাঢ়িছে তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰে।

শুকুৰবাৰে দলটোৰ সাধাৰণ সম্পাদকে সভাপতি ৰিপুন বৰাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰাৰ লগে লগে তৃণমূল কংগ্ৰেছৰ (TMC) অসম গোটৰ শিবিৰত অসন্তুষ্টি প্ৰকাশ কৰিছে।

মন কৰিকৰিব লগীয়া যে বৰাৰ দৰে পালেও এই বছৰৰ এপ্ৰিলত অসমত টিএমচিত যোগদান কৰিবলৈ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল।

পাল বৰাৰ খুব ঘনিষ্ঠ আছিল বুলি ধাৰণা কৰা হয় আৰু তেওঁৰ পদত্যাগে দলটোৰ ভিতৰত এক আলোড়নৰ সৃষ্টি কৰিছে।

চিত্ত ৰঞ্জন পালে বৰাৰ উপৰিও TMCৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।