Local, Vocal, Global

বোকাবিলত সংঘটিত হৈছে এক কৰুণ ঘটনা

নিউজ ডেস্ক, ২৬ জুন : ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। প্ৰলয়ংকৰী বানত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা শোকাৱহ দুৰ্ঘটনাৰ খবৰ পোৱা পৰিলক্ষিত হয়।

দেওবাৰে নগাঁও জিলাৰ ৰহাৰ বাৰপূজীয়াৰ বোকাবিলত সংঘটিত হৈছে এক কৰুণ ঘটনা।

বোকাবিলৰ বাঢ়নী পানীত উটি গ’ল তিনিটি কিশোৰ।

দুজনৰ কথমপি প্ৰাণ ৰক্ষা হয় যদিও এজন বৰ্তমানেও সন্ধানহীন।

সন্ধানহীন কিশোৰটি ভূপেন বৰদলৈ (১৭) বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি , বাৰপূজীয়া বৰদলৈ চুকৰ ভূপেন বৰদলৈয়ে অৰূপ বৰদলৈ আৰু পৰশমণি নাথ নামৰ দুই বন্ধুসহ দেওবাৰে বোকাবিলৰ পানীত ডুব যোৱা পথেৰে খোজকাঢ়ি গৈ থাকোতে হঠাৎ পিচলি পানীৰ সোঁতত উটি যায়।

কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰে অৰূপ আৰু পৰশমণি । কিন্তু সন্ধানহীন হয় ভূপেন বৰদলৈ।

সম্প্ৰতি SDRF–এ ভূপেনৰ সন্ধানত অভিযান চলাইছে যদিও বৰ্তমান সময়লৈকে কোনো সন্ধান ওলোৱা নাই ভূপেনৰ।