Local, Vocal, Global

নগৰবেৰাত উত্তপ্ত পৰিস্থিতি

নগৰৱেৰাৰ জামলাইত অঘটন ,পৰম্পৰাগত নাঁৱখেলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

জানিব পৰা মতে নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং জামলাইত অনুষ্ঠিত হৈছিল এই নাঁও খেল।

সুকলমে খেল চলি থকাৰ মাজতেই পয়মাল লাগে চুড়ান্ত খেলখনত ,খিতাপ দখলৰ ক্ষেত্ৰত ঘোষণা কৰা সিদ্ধান্তক লৈ এই পৰিস্থিতি ,দ্বিতীয় স্থানৰ নাঁৱৰ দলে মানি লোৱা নাছিল সিদ্ধান্তক।

আৰু ফলশ্ৰুতিত দুৰ্বাদল কাজিয়া লাগে আয়োজক সমিতি আৰু খেলুৱৈ দলৰ মাজত।

অৱশ্যে পাছলৈ আয়োজক সমিতিয়ে দুয়োখন নাঁৱকে সমপৰ্যায়ৰ বিজয়ৰ মান্যতা দিয়াতহে শাম কাটে উত্তেজনা।

প্ৰেম ,ভাতৃত্ববোধৰ কামনাৰে আয়োজন কৰা এনে পৰম্পৰাগত খেল-ধেমালিত কুৰুক্ষেত্ৰৰ খৱৰে চাঞ্চল্য বিয়পায় অঞ্চলজুৰি।