Local, Vocal, Global

Watch | Titabar news: ‘ইছলামত আনৰ মাটি বেদখল কৰিবলৈ লিখা নাই,আনৰ মাটি বেদখল কৰাটো ইছলামৰ মতে গোনাহ ‘

তিতাবৰ: ‘ইছলামত আনৰ মাটি বেদখল কৰিবলৈ লিখা নাই। আনৰ মাটি বেদখল কৰাটো ইছলামৰ মতে গোনাহ ।’ মিঞাৰ জণ গাথঁনিক লৈ ভয় আৰু শংকিত খিলঞ্জীয়া মুছলমান। সন্দেহযুক্ত লোকৰ বসতিত উচ্ছেদ খৰতকীয়া কৰাৰ আহ্বান তিতাবৰ বুঢ়ামছজিদ জামাতৰ যুৱ বৃন্দৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী অনুষ্ঠান যুৱ আঞ্জুমানৰ।

মেৰাপানী আৰু উৰীয়ামঘাটৰ উচ্ছেদিতক কোনো কাৰণতে তিতাবৰত সুমাবলৈ নিদিয়াৰ আহ্বান যুৱ আঞ্জুমানৰ ।ইফালে উজনি অসমত মিয়াই প্ৰৱেশদ্বাৰ হিচাপে ব্যৱহাৰ কৰা কাজিৰঙাত পুনৰ উচ্ছেদৰ আহ্বান যুৱ অঞ্জুমাৰ । সন্দেহজনক লোকে ভৰি পৰা তিতাবৰৰ কেইবাটাও প্ৰান্তত চৰকাৰী ভূমি বেদখল কৰা লোকসকলক উচ্ছেদ কৰিবলৈ সংবাদমেলতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে যুৱ আঞ্জুমানৰ নেতৃবৃন্দই ।

লগতে পঢ়ক: Watch | Sootea news: চতিয়াত পঞ্চায়ত কাৰ্যালয় নিৰ্মাণৰ স্থানকলৈ বিৰ্তক