Local, Vocal, Global

ৰাজ্যত পুনৰ তীব্ৰতৰ জাতিধ্বংসী ‘CAA’ বিৰোধী আন্দোলন

ৰাজ্যত পুনৰ তীব্ৰতৰ হৈছে জাতিধ্বংসী ‘CAA’ বিৰোধী আন্দোলন। তিনিচুকীয়াত কা’ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ তিনিচুকীয়া আছুৰ। তিনিচুকীয়াত কা” বাতিলৰ দাবীত আছুৰ বিশাল মটৰচাইকেল শোভাযাত্ৰা৷

সংগঠনটোৰ তিনিচুকীয়া আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে মটৰচাইকেলেৰে শোভাযাত্ৰা কৰি কা’ বিৰোধিতাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ।

তিনিচুকীয়া মহাবিদ্যালয়ৰ সন্মুখৰ পৰা থানা চাৰিআলি হৈ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখেৰে পানীতোলা লৈকে বিভিন্ন চৰকাৰ বিৰোধী শ্লগানৰে জাতিধ্বংসী কা” কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।