Local, Vocal, Global

ৰাজ্যত প্ৰাদুৰ্ভাৱ আন এক নতুন ব্যাধিৰ

কৰ’না, আফ্ৰিকান ফিভাৰৰ পিছত ৰাজ্যত আন এক ৰোগৰ প্ৰাদুৰ্ভাৱ৷ এইবাৰ গৰুৰ দেহত দেখা দিছে এক নতুন ব্যাধিয়ে৷ ৰাজ্যৰ গেলেকি, নামতি, আমগুৰিৰ বিভন্ন স্থানৰ প্ৰায় শতাধিক গৰু আক্ৰান্ত হৈছে এইবিধ ৰোগত৷

ৰোগবিধৰ নাম লাম্পি স্কিন ডিজিছ৷ ৰোগবিধত আক্ৰান্ত হ’লে প্ৰথম অৱস্থাত গৰুৰ সমগ্ৰ দেহতে টেমুনাৰ সৃষ্টি হয়৷ লাহে লাহে টেমুনাসমূহ ভাঙি ঘাৰ ৰূপ লয়৷ ফলত অত্যন্ত দুৰ্বল হৈ পৰে গৰুবোৰ৷ বৰ্তমানলৈ এই ৰোগবিধৰ কোনো প্ৰতিষেধক ওলোৱা নাই৷ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই আক্ৰান্ত হোৱা গৰুসমূহ পৃথকে পৃথকে ৰাখিবলৈ গোপালকসকলক আহ্বান জনাইছে৷ লগতে আক্ৰান্ত জন্তুৰ মাংস ভক্ষণৰ পৰা আঁতৰি থাকিবলৈ ৰাইজক আহ্বান জনাইছে৷